ৰে’লযোগে বহিঃৰাজ্যলৈ নিয়াৰ পথত বীৰ লাচিত সেনাৰ সদস্যৰ হাতত জব্দ ৭ বস্তা শামুক…

নগাঁও জিলাৰ কামপুৰ ৰে’ল ষ্টেচনত শামুক জব্দ।

ডিমাপুৰলৈ ৰে’ল যোগে নিয়াৰ পথতে বীৰ লাচিত সেনাৰ সদস্যই জব্দ কৰে শামুক খিনি।

অৱশেষথ জব্দকৃত ৭ বস্তা শামুক কামপুৰ আঞ্চলিক বন বিভাগৰ হাতত গতাই দিয়ে লাচিত সেনাৰ সদস্য সকলে।

উল্লেখযোগ্য যে, ডিমাপুৰত ১ কেজি শামুক ৩০ৰ পৰা ৪০ টকাত বিক্ৰী হয়।

অবৈধভাৱে বিক্ৰী কৰিবলৈ অনা শামুক এৰি পলায়ন কৰে চোৰাং ব্যৱসায়ী।