অ’এনজিচিৰ লাকুৱা তৈল ক্ষেত্ৰৰ পৰা তিনি কৰ্মচাৰীক অপহৰণ সন্দেহযুক্ত উগ্ৰপন্থীৰ

April 21, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ অপহৰণ কাণ্ড।

অ’এনজিচিৰ লাকুৱা তৈল ক্ষেত্ৰৰ পৰা তিনি কৰ্মচাৰীক অপহৰণ সন্দেহযুক্ত উগ্ৰপন্থীৰ।

বুধবাৰে পুৱতি নিশা অ’এনজিচিৰ অসম সম্পদৰ লাকুৱা তৈল ক্ষেত্ৰৰ পৰা তিনি কৰ্মচাৰীক অপহৰণ সন্দেহযুক্ত উগ্ৰপন্থীৰ।

কৰ্মচাৰী তিনিজন ক্ৰমে মোহিনী মোহন গগৈ,ৰাতুল শইকীয়া আৰু অলকেশ শইকীয়া।

নিশা ১.৩০ বজাত লাকুৱা তৈলক্ষেত্ৰৰ সন্মুখত ৫/৬ জনীয়া এটা অস্ত্ৰধাৰী দলে এখন এম্বুলেঞ্চ লৈ উপস্থিত হৈ তিনি অসমীয়া কৰ্মচাৰীক অপহৰণ কৰে।

পুৱতি নিশা এম্বুলেন্সৰ চালক আৰু সহ চালকক এৰি দিয়ে যদিও তিনি কৰ্মচাৰীক অজ্ঞাত স্থানলৈ লৈ যায় ৷

Work over Rig ROM-100-III Near GGS -8 ত কৰ্মচাৰী কেইগৰাকীয়ে কাম কৰি আছিল বিষয়াকেইগৰাকী।

জানিব পৰা মতে মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌৰ নিতাই পুখুৰীত। অলকেশ শইকীয়াৰ ঘৰ যোৰহাটত আৰু ৰিতুল শইকীয়াৰ ঘৰ গোলঘাটত বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ আঁৰত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও এইপৰ্যন্ত আলফা (স্বাধীনে) কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এই ঘটনাৰ পিছেই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

অপহৃত তিনি কৰ্মচাৰীক উদ্ধাৰৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

লগতে চাওকঃ

হাস্পতালৰ পৰা পলাল কৰােনাত আক্ৰান্ত কয়দী! PPE Kit পিন্ধাই পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে!