অকালতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হ’ল ভাগ্যশ্ৰী, সীমাশ্ৰী আৰু সৌৰভ! সহায়ৰ আহ্বান…
June 14, 2021তিনি ভাতৃ-ভগ্নীৰ এক কৰুণ কাহিনী।
যি কৰুণ কাহিনীয়ে ব্যথিত কৰি তুলিছে বহু হৃদয়বান লোকৰ।
পাঁচ মাহৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হ’ল তিনি ভাতৃৃৃ-ভগ্নী৷ পিতৃৰ মৃত্যুৰ পাঁচমাহ পূৰ্বে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মাতৃৰ৷
যাৰ বাবে এতিয়া অসহায় হৈ পৰিছে দুৰ্ভগীয়া ভাগ্যশ্ৰী, সীমাশ্ৰী আৰু সৌৰভ৷
বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত শিংৰাপাৰ গাঁৱত ঘৰ পৰিয়ালটোৰ।
কেঞ্চাৰ ৰোগত আক্ৰান্ত মাতৃৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পিতৃয়েও অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে আকস্মিকভাবে মৃত্যুবৰণ কৰে৷
পিতৃয়ে কৃষি কৰ্মৰ যোগেদি পৰিয়ালটোক পোহপাল দি আহিছিল৷ সেইদৰে নিজৰ সন্তান তিনিটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ চেষ্টা কৰিছিল পিতৃ চাণক্য দত্তই৷
ইতিমধ্যে ডাঙৰ কন্যা ভাগ্যশ্ৰী দত্তই বজালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী ল’বলৈ সক্ষম হোৱাৰ বিপৰীতে দ্বিতীয় কন্যা সীমাশ্ৰী দত্ত হায়াৰ ছেকেণ্ডাৰী চুড়ান্ত বৰ্ষ আৰু একমাত্ৰ পুত্ৰ সৌৰভ দত্ত অষ্টম শ্ৰেণীত পঢ়ি আছে৷
কিন্তু পিতৃ চাণক্য দত্তৰ সপোন পূৰণ হোৱাৰ পূৰ্ৱে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷
পিতৃ-মাতৃৰ বিয়োগৰ পিছত ভৱিষ্যত অন্ধকাৰ হৈ পৰিল তিনিওৰে৷
ইফালে বৃদ্ধা আইতাকগৰাকীও দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে৷ পুত্ৰ-বোৱাৰীৰ শোকত বিহ্বল হৈ পৰা বৃদ্ধা আইতাক গৰাকীক লৈও এতিয়া সমস্যাৰ সৃষ্টি হৈছে৷
পিতৃ-মাতৃ অবিহনে কেনেকৈ চলিব, কেনেদৰে পঢ়া শুনা কৰিব, দুবেলা দুমুঠি কেনেদৰে যোগাৰ কৰিব সেই লৈ চিন্তাত পৰিছে তিনি ভাতৃ–ভগ্নীয়ে৷
সেয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ তিনি ঘাতমাউৰা সন্তানৰ কাতৰ আহ্বান, তেওঁলোকৰ চলাৰ কাৰণে যেন কিবা এটা উপায় দিয়ে৷
সোমবাৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ এটা সজাতী দলে পৰিয়ালটোত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে ভৱিষ্যতে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বুলি জানিব দিয়ে৷
লগতে ছাত্ৰ সন্থাই স্নাতক ডিগ্ৰীধাৰী জ্যেষ্ঠ কন্যা ভাগ্যশ্ৰীক যোগ্যতাৰ ভিত্তিত এটি চৰকাৰী চাকৰি দি পৰিয়ালটো চলোৱাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে৷
লগতে চাওকঃ