অক্সিজেন সংকটঃ কেইবাটাও মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ সৈতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

April 23, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কিন্তু কৰ’ণাৰ এই ভয়ৱহতাৰ মাজতে দেশত দেখা দিছে তীব্ৰ সংকটে।

বৃহস্পতিবাৰে অক্সিজেন সংকট সন্দৰ্ভত কেইবাটাও মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী।

বৈঠকত মোদীয়ে কয়- কাৰখানাৰ পৰা অক্সিজেন যোগান ধৰিবলৈ পৰিবহন ব্যৱস্থা দ্ৰুত কৰা উচিত। সময় বচাবলৈ খালী টেংকাৰবোৰ বিমানেৰে আনিব লাগে।

মোদীয়ে অক্সিজেন উৎপাদন বৃদ্ধি, বিতৰণ ব্যৱস্থা দ্ৰুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

লগতে সকলো ৰাজ্যতে অক্সিজেন যোগান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ২০ খন ৰাজ্যৰ পৰা প্ৰতিদিনে মুঠ ৬৭৮৫ মেট্ৰিক টন অক্সিজেন বিচৰাৰ বিপৰীতে ২১ এপ্ৰিললৈকে দৈনিক ৬৮২২ মেট্ৰিক টন আৱণ্টন কৰা হৈছে।

লগতে বৈঠকত অক্সিজেন যোগানৰ বাধাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ দায়িত্ব নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক অক্সিজেন মজুত কৰি ৰখা কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব, পথ আৰু পৰিবহণ সচিব আদি উপস্থিত থাকে।