অখিল গগৈৰ চিঠিঃ চাবুৱা থানাৰ গোচৰত মুখ থেকেচা খাই হাঁহিয়াতৰ পাত্ৰ হৈছে NIA…

June 22, 2021 0 By Biraj Kalita

আজি NIAৰ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক।

চাবুৱাৰ গোচৰত বিধায়কগৰাকীক জামিন প্ৰদান কৰে আদালতে।

অখিল গগৈৰ লগতে জামিন লাভ কৰে জগজিত গোঁহাই আৰু ভূপেন বৰাই।

জামিন লাভ কৰাৰ পিছতেই NIA অৰ্থাত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক তাচ্চিল্য কৰি NIA আদালতৰ পৰা পত্ৰ প্ৰেৰণ কৰে গগৈয়ে।

পত্ৰত তেওঁ লিখিছে- বিজেপি চৰকাৰে NIA ক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে। NIA গঠনৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসৰ গোচৰ সমূহ তদন্ত কৰা। কিন্তু এতিয়া এজনে মানুহে শিলগুটিৰে নাক ভঙা গোচৰটো নিয়াক চমজাই দিয়া হৈছে।

লগতে তেওঁ কয়- চাবুৱা থানাৰ গোচৰত NIA ই আদাৱতত মুখ থেকেচা খাইছে আৰু সমগ্ৰ ভাৰততে NIA হাঁহিয়াতৰ পাত্ৰ হৈছে।

লগতে তেওঁ আন এখন পত্ৰত উল্লেখ কৰিছে যে, অসমত কেৱল “ওৱান মেন শ্ব’” কৰা হৈছে। কোনো পৰিকল্পনা নাই, নাই কোভিড-১৯ৰ ‘proper behaviour’, নাই কভিড সম্পৰ্কীয় ৰাজ্যিক নীতি, নাই নীতি নিৰ্দ্ধাৰণ আৰু পথ প্ৰদৰ্শনৰ বাবে টাস্কফৰ্চ। এজন মানুহৰ চমকৰ ওপৰতে সকলোৰে ভাগ্য নিৰূপিত হৈছে। তেঁৱেই মৃত্যুৰ হিচাপ দিয়ে, তেঁৱেই পৰীক্ষা হ’ব নে নাই শেষ সিদ্ধান্ত লয়। বাকীবোৰ যেন পুতলাস্বৰূপ। তেওঁ যি কয় তাকেই দিনে-ৰাতিয়ে সংবাদমাধ্যমে বজায়। আন কোনো পদ্ধতিগত চিন্তা নাই, নাই কোনো দূৰদৃষ্টি। এয়ে হ’ল অসমৰ দুৰ্দশাৰ প্ৰধান কাৰণ। সেইবাবেই দ্বিতীয় ঢৌৰ অনুমান কৰিব নোৱাৰিলে। সঠিক প্ৰস্তুতি নহ’ল। এতিয়া তৃতীয় ঢৌৰ ক্ষেত্ৰত বা কি হয়?

অসমতো সমগ্ৰ ভাৰতৰ দৰে একনায়কত্ববাদ আৰু ফেচিবাদৰ পদধ্বনি শুনা গৈছে। কথা ক’লেই গোচৰ জাপি দিয়ে, প্ৰতিবাদ কৰিলেই জে’ল। গনতন্ত্ৰ এতিয়া অসমৰ পৰা অন্তৰ্হিত। বিৰোধীকো নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে। গনতন্ত্ৰ থকা হ’লে নিৰ্বাচনত জিকাৰ পাছত মোকো মুক্তি দিয়া হ’লহেতেন। নাই, কেৱল হেঁচা, কেৱল উৎপাত। সংবাদমাধ্যমকো লেকাম লগোৱা হৈছে। ৰাইজ সাৱধান হওক, ৰাইজে মাত মাতক, ৰাইজ জাগি উঠক, অন্যথা অচিৰেই অসম একনায়কত্ববাদে ঘেৰি ধৰিব। এই দুৰ্দশাৰ সময়ত মানুহে মানুহক সহায়ৰ বাবে ওলাই আহক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য অখিল গগৈৰ।