অঘটন! কলং নদীত জাপ দিলে এটি ১৫ বছৰীয়া কিশোৰে…

July 6, 2021 0 By Biraj Kalita

পুৱাই নগাঁৱত সংঘটিত হ’ল এক অঘটন।

কলং নদীত জাপ দিলে এটি ১৫ বছৰীয়া কিশোৰে।

নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সন্মুখৰ দলঙৰ পৰা জাপ দিয়ে কিশোৰটিয়ে।

নদীত কিশোৰজনে জাপ দিয়া প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে এজন ই-ৰিক্সা চালকে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে SDRFৰ জৰিয়তে কিশোৰজনৰ সন্ধানত কলঙৰ বুকুত অভিযান চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইফালে দলঙৰ ওপৰত কিশোৰটিয়ে এৰিথৈ যোৱা চেণ্ডেল প্ৰত্যক্ষ কৰি কলঙত জাপ দিয়া কিশোৰটি তেলিয়াপট্টিৰ ৰনি সিং বুলি সন্দেহ কৰিছে পিতৃযে।

জানিব পৰা মতে ঘৰৰ পৰা পুৱাই ওলাই আহিছিল ৰনি সিং নামৰ কিশোৰটিয়ে।