অঘটন! পাহাৰৰ মাটি খহি কৰুণ মৃ্ত্যুক সাৱটিলে এজন যুৱকে…
March 24, 2022এক শোকাৱহ ঘটনা!
গৌৰীপুৰত পাহাৰৰ মাটি খহি কৰুণ মৃ্ত্যুক সাৱটিলে এজন যুৱকে।
চোৰাংভাৱে মাটি কাটি থকা সময়ত পাহাৰৰ মাটি খহি পৰি ইছান জাকিৰ হুছেইন নামৰ এজন যুৱকৰ মৃত্যু হয়।
আলমগঞ্জ খণ্ড এলেকাত থকা জৱাহৰ বিদ্যালয়ৰ সমীপত এই ঘটনা সংঘটিত হয়।
যুৱকজন বাঘমাৰা অঞ্চলৰ বাসিন্দা ইছান জাকিৰ হুছেইন (২৮) বুলি কৰা জানিব পৰা গৈছে।
উল্লেখ্য যে, গৌৰীপুৰৰ আলমগঞ্জত পাহাৰত দীৰ্ঘদিনৰ পৰা চােৰাং চক্রই চোৰাংভাৱে পাহাৰ খনন কৰি মাটি বিক্ৰী কৰি আছিল। বুধবাৰেও এটা চক্রই পাহাৰখনত মাটি খনন কৰি আছিল।
কিন্তু সেই সময়তে পাহাৰখনৰ মাটি খহি তললৈ নামি আহে আৰু মাটিৰ তলত জাকিৰ হুছেইন নামৰ যুৱকজন সোমাই পৰে। ফলত থিতাতে যুৱকজনৰ মৃত্যু হয়।
ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে।
স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত শ্রমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে।