অঘটন! বাৰীৰ পুখুৰীৰ পৰা মুমূৰ্ষু অৱস্থাত ৪ কিশোৰ-কিশোৰীক উদ্ধাৰ…

June 14, 2021 0 By Biraj Kalita

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত অঘটন।

এটা পুখুৰীৰ পৰা মুমূৰ্ষু অৱস্থাত চাৰিটিকৈ কিশোৰ-কিশোৰীক উদ্ধাৰ।

অবশ্যে কি কাৰণত এনেকৈ কিশোৰ-কিশোৰী কেইগৰাকী পুখুৰীৰ উদ্ধাৰ হৈছে এই কথা জানিব পৰা হোৱা নাই।

কিশোৰ-কিশোৰী কেইগৰাকী নাম ক্ৰমে চপ্না মুঢ়া,(৯) মুস্কান মুৰা(১০),ৰহিমলা মুৰা(১২), প্ৰফুল্ল মুৰা(১২)।

আটাই কেইগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত পাৱতীপুৰ গাঁৱত।

কিশোৰ-কিশোৰী কেইগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়  প্ৰেৰণ কৰা হৈছে।

এই সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।