অঘটন, মথাউৰিৰ কামত নিয়োজিত শ্ৰমিক ব্ৰহ্মপুত্ৰত সন্ধানহীন…
June 12, 2021মথাউৰিৰ কাম কৰি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত নিখোজ এজন যুৱক।
নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত এই অঘটনসংঘটিত হৈছে।
মথাউৰিৰ কামত নিয়োজিত শ্ৰমিক ব্ৰহ্মপুত্ৰত সন্ধানহীন।
মথাউৰিত কাম কৰি থকা অৱস্থাতে নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি যায় শ্ৰমিকজন।
জিঅ বেগত মাটি ভৰাবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হয় যুৱকজন।
যুৱকজন মাজুলীৰ শালমৰাৰ প্ৰদীপ হাজৰিকা বুলি জানিব পৰা গৈছে।
পানীত পৰাৰ লগে লগে যুৱকজৱৰ সন্ধানত নামি পৰে স্থানীয় ৰাইজ।
কিন্তু কোনো সন্ধান ওলোৱা নাই এই পৰ্যন্ত।