অচিৰেই বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা ৰূপে প্ৰদান কৰা হ’ব স্বীকৃতি!
December 22, 2020মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰী কাৰ্যলয়ত মঙলবাৰে অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ বৈঠক।
কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্ব পূৰ্ন সিদ্ধান্ত।
সেই অনুসৰি অচিৰেই বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা ৰূপে প্ৰদান কৰা হ’ব স্বীকৃতি।
বড়ো কছাৰী স্বায়িত্ব শাসিত পৰিষদ গঠনত অনুমোদন কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লোৱা হৈছে।
অনাগত দিনত চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত সমস্যা নাথাকিব। মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব মাটি।
অসম মালা প্ৰকল্প আৰু বহি: সাহায্য় প্ৰাপ্ত প্ৰকল্প সমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলা সমূহৰ প্ৰধান পথ সমূহৰ উন্নীতকৰনৰ বাবে বুজাবুজিৰে মীমাংসাত উপনীত হোৱাৰ মাধ্যমেৰে প্ৰত্যক্ষ ক্ৰয়ৰ জৰিয়তে ভূমি অধিগ্ৰহনত কেবিনেট বৈঠকে অনুমোদন জনায় ।
আৰ আই ডি এফৰ অধীনত নাবাৰ্ডৰ পৰা ৯১ কোটি টকা ৰ ঋণ গ্ৰহনত অনুমোদন।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰী সকলৰ বাবেও চাকৰিকালীন লাভালাভত কেবিনেটৰ অনুমোদন।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীৰ ৬০ বছৰলৈ বৃদ্ধি চাকৰিৰ কাল।
কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়, যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় কৰা হ’ব চৰকাৰীকৰণ।
কোচ ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৱৰ্তীকালীন পৰিষদ গঠনত অনুমোদন। সকলোৱে সমানে লাভ কৰিব চৰকাৰী চাকৰিৰ সুবিধা।