অ’চিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা কনিষ্টবলকে কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ

April 27, 2022 0 By Biraj Kalita

নিউজ ডেস্কঃ সাধাৰণ কথাতেই কোঠাত শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ তুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এক সংবাদমেল সম্বোধন কৰিছিল এগৰাকী কনিষ্টবলে।

‘মোক চাকৰিৰ পৰা নিলম্বন কৰক’ বুলি আহ্বান জনাই প্ৰাণৰ আশংকাত কৰ্তব্য সম্পাাদন কৰিব নোৱাৰি বুলি মন্তব্য কৰি সংবাদ মেলত সৰৱ হৈ পৰিছিল কনিষ্টবলগৰাকী।

কিন্তু অ’চিৰ বিৰুদ্ধে অভিযোগ অনা কনিষ্টবলগৰাকীয়েহে ৰোষত পৰিল উৰ্ধ্বতন কৰ্তৃপক্ষৰ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদ মেল সম্বোধন কৰাৰ অভিযোগত কনিষ্টবল প্ৰেমধৰ নৰহক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল একেখন থানাৰ কনিষ্টল প্ৰেমধৰ নৰহে।

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি প্ৰেমধৰ নৰহে অভিযোগ কৰে যে অ’চি উৎপল বৰাই গাড়ী চালকক সহযোগত তেওক বন্ধ কোঠাত উপৰ্য্যুপৰি প্ৰহাৰ কৰে।

আনকি ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ কৰে কনিষ্টবলগৰাকীয়ে।

কনিষ্টবলগৰাকীৰ এনে অভিযোগৰ পিছত উৎপল বৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে ভুক্তভোগী প্ৰেমধৰ নৰহকে ৰিজাৰ্ভ ক্ল’জ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

মিচিং ছাত্র সংগঠন টিএমপিকেৰ একাংশ সদস্যই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰক্ষী বিষয়া উৎপল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অভিযুক্তক শীঘ্ৰে শাস্তি বিহাৰ দাবী জনায়।

অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।