অজিত দাস অপহৰণৰ মূল অভিযুক্ত কনিষ্টবল ৰাজবাবু আৰক্ষীৰ গুলীত আহত…

June 29, 2021 0 By Biraj Kalita

আৰক্ষীৰ গুলীত আহত কনিষ্টবল ৰাজবাবু।

মৰিগাঁও আৰক্ষীৰ গুলীত আহত কনিষ্টবল ৰাজবাবু সিং।

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওতেই আৰক্ষীয়ে গুলীচালনা কৰে ৰাজবাবুক।

মৰিগাঁও অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে ৰাজবাবু সিং।

টুইটাৰযোগে এই কথা সদৰি কৰিছে এডিজিপি জে পি সিঙে।

ধৃত ৰাজবাবু অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযু্ক্ত।

সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কনিষ্টবল ৰাজবাবুক।

ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল আছিল ৰাজবাবু সিং।

উল্লেখ্য যে, যোৱা ২৩ জুনৰ পুৱা মহানগৰী কালিবাৰীৰ এটা বাসগৃহৰ শোৱনী কোঠাৰ পৰাই ৫অপহৰকাৰীয়ে অপহৰণ কৰি নিছিল অজিত দাস নামৰ এজন লোকক৷

অপহৰণৰ পিছতে বিয়লি মুক্তিপণ হিচাপে ২০ লাখ টকা বিচাৰিছিল পৰিয়ালৰ লোকক। উপায়বিহীন পৰিয়ালটো কাষ চাপিছিল লতাশীল আৰক্ষীৰ৷

পৰিয়ালৰ অভিযোগৰ পিছতে অজিত দাসৰ সন্ধানত নামি পৰিছিল মহানগৰ ক্ৰাইম বাঞ্চ আৰু লতাশীল আৰক্ষী।

মোবাইল ট্ৰেকিঙৰ জৰিয়তে দেওবাৰে জাগিৰোডৰ ঘগুৱা পাহাৰৰ অতি দুৰ্গম অঞ্চলত পুৱতি নিশা ক্ৰাইম বাঞ্চে অভিযান চলাই এটা ঘৰৰ ভিতৰত উদ্ধাৰ কৰিছিল অজিত দাসক।

সেই ঘৰটোৰ পৰাই আৰক্ষীয়ে আটক কৰে তিনিজনকৈ অপহৰণকাৰীক।

আটক হোৱা ৩ অপহৰকাৰী আছিল ক্ৰমে  ফাঁচিবজাৰ থানাৰ কনিষ্টবল ৰাজ বাবু সিং, জাগীৰোড থানাৰ হোমগাৰ্ড সুৰুজ পাটৰ আৰু ফামাচিষ্ট মনেশ্বৰ দাস।

আনহাতে সোমবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হয় জিতেন বাইলুংঙক নামৰ আন এজন হাবিলদাৰক।

কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই অপহৰণকাণ্ডৰ মাষ্টাৰমাইণ্ডকে চিং সিদ্ধু।