অ’টো চালকৰ ৰূপত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ…
January 5, 2022অ’টো চালকৰ ৰূপত ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ।
ছয়গাঁৱত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আয়োজন কৰা ভোগালী মেলাত ৰেকিবুদ্দিন আহমেদক দেখা গ’ল অটো চালকৰ ৰূপত।
ভোগালী মেলাখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।
চন্দ্ৰৰ চানেকী মণ্ডল পৰ্য্যায়ৰ সংগঠন,পূৰ্ণিমাৰ দাপোণ মণ্ডল পৰ্য্যায়ৰ সংগঠন আৰু মা বাঘেশ্বৰী মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ দ্বাৰা আয়োজিত এই ভোগালী মেলা বামুণীগাঁও ফাৰ্ম গেটত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
ভোগালী মেলাত ছয়গাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় ২২ তাকৈ আত্মসহায়ক গোটৰ মহিলাই নিজ হাতে তৈয়াৰ কৰা বিভিন্ন ধৰনৰ থলুৱা খাদ্যসম্ভাৰ, বস্ত্ৰ, লাড়ু-পিঠা,পাচলিকে ধৰি অন্যঅন্য সামগ্ৰী বিক্ৰীৰ বাবে ভোগালী মেলাত অংশ গ্ৰহণ কৰে।
এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা তিনিটা গোটক বিধায়ক ৰেকিবুদ্দিন আহমেদৰ জৰিয়তে তিনিখন পেচেঞ্জাৰ অ’টো বাহন প্ৰদান কৰা হয়।
ইয়াৰ দ্বাৰা মহিলা সকল কৰ্ম উদ্যোগত অধিক আগবাঢ়ি যাব বুলিও সংবাদ মাধ্যমৰ আগত বিধায়ক ৰেকিবুদ্দিন আহমেদে মত প্ৰকাশ কৰে।