অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্রেছৰ প্রতিবাদ…

July 17, 2021 0 By Biraj Kalita

অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্রেছৰ প্রতিবাদ।

নিখিল ভাৰত কংগ্রেছ কমিটীৰ নির্দেশ আৰু অসম প্রদেশ কংগ্রেছ কমিটীৰ আহ্বানমর্মে গুৱাহাটীক মহানগৰ জিলা কংগ্রেছ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

পেট্র’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি শতাধিক কংগ্রেছ নেতা–কর্মীয়ে চৰকাৰবিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰে৷

প্রতিবাদী কার্যসূচীত অংশ লৈ অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷

প্রতিবাদী কার্যসূচীত কংগ্রেছ নেত্রী অসীমা বৰদলৈ আৰু মীৰা বৰঠাকুৰকে ধৰি কংগ্রেছ দলৰ বহু নেতা–কর্মী উপস্থিত থাকে৷