অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত

April 27, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আছুৰ।

জজ খেলপথাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ প্ৰতিবাদকাৰীসকলে।

‘ক’ভিড ভয়াবহ কিন্তু মূল্যবৃদ্ধি যন্ত্ৰণা’, ‘ক’লা বেপাৰী হুচিয়াৰ’ ইত্যাদি প্লে কাৰ্ড হাতে হাতে লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলৰ দাবী ‘অতি শীঘ্ৰে চৰকাৰে টাস্ক ফৰ্চ গঠন কৰি মূল্যবৃদ্ধি ৰোধ কৰক।’

লগতে ক’ভিডৰ অচিলা লৈ মূল্যবৃদ্ধি কৰা অসাধু ব্যৱসায়ীসকলক নাকী লগাবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে ক’ভিড প্ৰট’কল মানি, মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি প্ৰতিবাদ সাব্যস্ত কৰে।