অধ্যক্ষক হত্যাৰ চেষ্টা, জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৪ জনকৈ শিক্ষকক গ্ৰেপ্তাৰ…

July 20, 2021 0 By Biraj Kalita

কলাইগাঁৱৰ উডমাৰী জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৪ জনকৈ শিক্ষকক গ্ৰেপ্তাৰ।

ৰাষ্ট্ৰীয় কৃৰ্তি শিক্ষকৰ বঁটা প্ৰাপক অধ্যক্ষক ৰচীৰে ডিঙিত মেৰিয়াই হত্যাৰ চেষ্টা।

২০১৯ চনত ৰাষ্ট্ৰীয় কৃৰ্তীশিক্ষক বটাঁৰে সন্মানিত কলাইগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশক বিদ্যালয়ৰ চৌহদত সহকৰ্মীয়ে ৰচীৰে বান্ধি গভীৰ নিশা হত্যাৰ চেষ্টা কৰে।

ইতিমধ্যে সমগ্ৰ নাৰকীয় কাণ্ডৰে জড়িত ৪ জনকৈ পিজিটি (Post Graduate Teacher) ক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা ৪ শিক্ষকৰ নাম কালুৰাম মীনা (ৰাজস্হান) আৰু মদনলাল গুপ্তা (উত্তৰ প্ৰদেশ), নৱনীত কুমাৰ আৰু মানৱেন্দ্ৰ গোস্বামী।

অধ্যক্ষজনৰ এজাহাৰৰ ভিত্তিত ৩৩২/২১ নং গোচৰ ৰুজু কৰি ৪ জনকৈ শিক্ষকক কৰায়ত্ব কৰে। 

জানিব পৰা মতে, অধ্যক্ষজনে শ্ৰেণীত অনিয়মীয়া পাঠদানৰ বাবে কেইবাজনো শিক্ষকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্হা হাতত লৈছিল।

তাৰ ক্ষোভতে ৬/৭ জনীয়া শিক্ষকৰ দলে নিশা ৰচীৰে ডিঙিত মেৰিয়াই হত্যা কৰিব বিচাৰিছিল অধ্যক্ষগৰাকীক।