অন্য মানুহে জেলত গ’লে জেলত থাকে, অখিল গগৈয়ে মেডিকেলৰ কেবিনট ৰজাৰ দৰে আছিলঃ পীযুষ হাজৰিকা

July 2, 2021 0 By Biraj Kalita

বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷

সম্পূৰ্ণ ডেৰ বছৰ ৰঙাঘৰত কটোৱা পাছত NIA ৰ বিশেষ আদালতে অখিল গগৈক চানমাৰি থানাৰ গোচৰত দোষমুক্ত কৰে।

তাৰ পাচতে ৰাজনীতি মহলত চলিছে ব্যাপক প্ৰতিক্ৰিয়া।

উত্তৰ গুৱাহাটীৰ আউনীআটি শাখা সত্ৰত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।

তেওঁ কয়- অখিল গগৈয়ে নাটক কৰি আছিলে৷ তেওঁ নৈতিক ভাৱে শক্তিশালী নহয়।

অখিল গগৈৰ মুক্তি বিজেপিৰ বাবে প্ৰত্যহ্বান হ’ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত হাজৰিকাই কয়- ‘একেবাৰেই প্ৰত্যাহ্বান নাহে। তেওঁ ভাল মানুহ হ’লে তেওঁ কেনেদৰে চিকিৎসালয়ত আছিল আৰু চিকিৎসালয়ত থকা মানুহজনে কেনেদৰে ওলাই আহিব পাৰিলে।’

অন্য মানুহে জেলত গ’লে জেলত থাকে অখিল গগৈয়ে মেডিকেল কলেজৰ কেবিনট ৰজাৰ দৰে আছিল। কৰ’ণাক্ৰান্তই এখন বিচনাৰ বাবে হাহাকাৰ কৰি থকা সময়ত অখিল গগৈয়ে চিকিৎসালয়ৰ কেবিনট ৰজাৰ দৰে সময় কটাইছিল বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।