অপ্ৰতিৰোধ্য কৰ’ণাঃ দ-গাঁও অনাথ আশ্ৰমত ক’ভিড-19 ৰ সন্ত্ৰাস…

May 27, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

দ-গাঁও অনাথ আশ্ৰমত ক’ভিড-19 ৰ সংক্ৰমণ।

যোৰহাটৰ দগাঁও অনাথ আশ্ৰমত কেইবাটাও শিশু ক’ভিড-19 আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, যোৰহাট জিলাৰ দ-গাঁও অনাথ আশ্ৰমক কণ্টেইনমেণ্ট জন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে৷

সম্প্ৰতি আশ্ৰম খনত থকা ১৫ টা শিশুৰ ভিতৰত ৬ টা শিশু ক’ৰণাত আক্ৰান্ত হৈছে৷

জানিব পৰা মতে বৰ্তমানলৈকে শিশু কেইটাৰ সৈতে দ-গাঁও অনাথ আশ্ৰমতে চাৰি গৰাকী গৃহ মাতৃও আছে ।

সম্প্ৰতি স্থানীয় ৰাইজে জিলা প্ৰসাশনক উক্ত আশ্ৰম খনিত থকা শিশু সকলৰ স্বাস্থ্য ব্যৱস্থা কৰাৰ লগতে খাদ্য সমাগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে