অপ্ৰতিৰোধ্য কৰ’ণাঃ মঙলবাৰে ৰাজ্যত কৰ’ণাত প্ৰাণ ল’লে ৯২ গৰাকী লোকৰ…

May 26, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ হৈয়েই আছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত মঙলবাৰে কৰ’ণাই প্ৰাণ ল’লে ৯২ গৰাকী লোকৰ।

আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যত কৰ’ণাত আক্ৰান্ত হয় ৫৭৬৭জন লোক।

ইয়াৰে ৬২৪জন কামৰূপ মেট্ৰ’ৰ, ৫২৮জন কাছাৰৰ, ৪১৬জন নগাঁৱৰ আৰু ৩৬৪জন কামৰূপ গ্ৰাম্যৰ।

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩৮১১৭১জনলৈ বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰিছে।