অপ্ৰতিৰোধ্য কৰ’ণাঃ মেঘালয়ত ১৪ জুনলৈকে লকডাউনৰ সময়সীমা বৃদ্ধি…
June 5, 2021দেশজুৰি অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ।
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো কৰ’ণাই ধাৰণ কৰিছে সংহাৰী ৰূপ।
চুবুৰীয়া ৰাজ্য মেঘালয়তো অব্যাহত আছে কৰ’ণাৰ সন্ত্ৰাস।
মেঘালয়ত ক’ভিড-১৯ৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে পূৰ্বৰ ৭ জুনৰ পৰিৱৰ্তে ১৪ জুনলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।
এক নিৰ্দেশনাত কোৱা হৈছে যে ‘ৰাজ্যত ক’ভিড-১৯ ৰ সংখ্যা হ্ৰাস কৰাৰ বাবে, পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ৭ জুনৰ পৰা নতুন প্ৰতিৰোধ ব্যৱস্থা বলবৎ কৰা হ’ব। সমগ্ৰ ৰাজ্যত ৭ জুনৰ পুৱা ৫ বজাৰ পৰা ১৪ জুনৰ পুৱা ৫ বজালৈ লকডাউন বলবৎ কৰা হ’ব।’