অপ্ৰতিৰোধ্য কৰ’ণাঃ ৰাজ্যৰ এইকেইখন জিলাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা…
June 20, 2021ৰাজ্যৰ অব্যাহত আছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ।
তুলনামূলকভাৱে ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ৰাজ্যৰ কেইখনমান জিলাত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
যাৰ পৰিপেক্ষিতত কৰ’ণাৰ সংক্ৰমণ হ্ৰাস নোহোৱা জিলা সমূহত শীঘ্ৰেই ঘোষণা কৰা হ’ব পাৰে সম্পূৰ্ণ লকডাউন।
লকডাউনৰ সম্ভাৱণা থকা জিলাসমূহ হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, কাছাৰ আৰু গোলাঘাট।
১০ দিনৰ বাবে এই জিলা সমূহত হ’ব পাৰে সম্পূৰ্ণ লকডাউন।
এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বুধবাৰৰ পৰ্যালোচনা বৈঠকত লোৱা হ’ব লকডাউনৰ ওপৰত সিদ্ধান্ত।
ইপিনে বুধবাৰৰ পৰ্যন্ত আন জিলাসমূহতো যদি ক’ভিড সংক্ৰমণ বৃদ্ধি পায়, তেন্তে সেই জিলাসমূহতো দিয়া হ’ব সম্পূৰ্ণ লকডাউন।