অপ্ৰতিৰোধ্য কৰ’ণা! দেওবাৰে কাল কৰ’ণাই প্ৰাণ ল’লে ৫৬জন লোকৰ…

May 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

দেওবাৰে কাল কৰ’ণাই ৰাজ্যত প্ৰাণ ল’লে ৫৬জন লোকৰ।

আনহাতে ৩৬৫০জনৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

ইয়াৰে ১১৯৭জন কামৰূপ মেট্ৰ’ৰ, ২৬২জন কাচাৰৰ, ২৪০জন ডিব্ৰুগড় আৰু ২১১জন কামৰূপ গ্ৰাম্যৰ।

এতিয়ালৈকে অসমত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৩২৮৬২৯জনলৈ পাইছে বৃদ্ধি পাইছে।

ইয়াৰে ৪৩৩৭৭জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে।

ইপিনে, শনিবাৰে ৰাজ্যত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা আছিল ৬৩গৰাকী। সেইদৰে আক্ৰান্ত হৈছিল ৫,৩৪৭গৰাকী লোক।