অবৈধভাৱে বালি উঠােৱা আৰু কাঠফলা মেচিন জব্দ বন বিভাগৰ
February 9, 2022নিউজ ডেস্ক। নদীৰ বুকুৰ পৰা অবৈধভাৱে বালি উঠােৱা আৰু কাঠফলা মেচিনৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গ একাধিক স্থানত চলিল বন বিভাগৰ তীব্ৰ অভিযান।
নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে ভখুৰাদিয়াত অভিযান চলাই এটা অবৈধ কাঠ মিলৰ লগতে কিছু ফলা কাঠো জব্দ কৰে।
ইয়াৰ লগতে বামুণিগাঁও আৰু নগৰবেৰা বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলে বকোৰ মালিবাৰীত যুটীয়াভাৱে অভিযান চলাই উচ্চ ক্ষমতাসম্পন্ন দুটা বালি উঠোৱা মেচিন জব্দ কৰিবলৈ সক্ষম হয়।
অৱশ্যে, এই অভিযান কালত কােনাে লােকক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলে।