অবৈধভাৱে বালি কঢ়িওৱা ৭ খন ডাম্পাৰ জব্দ বন বিভাগৰ
February 19, 2022নিউজ ডেস্ক। ৰাজ্যত একাংশ ট্ৰাক-ডাম্পাৰে ব্যাপক কৰ ফাঁকিৰে শিল, বালি আদি সৰবৰাহ কৰাৰ সময়তে এইবাৰ তৎপৰ হ’ল বন বিভাগ।
মহানগৰীৰ পাৰ্শ্বৱৰ্তী সােণাপুৰত অভিযান চলাই বন বিভাগে জব্দ কৰে ৭ খনকৈ ডাম্পাৰ।
জানিব পৰা মতে, সোণাপুৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বিগত তিনি-চাৰিদিন ধৰি অবৈধভাৱে বালি-মাটি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে এই অভিযান অব্যাহত আছে।
অভিযােগ অনুসৰি, কিছুদিন ধৰি সোণাপুৰ অঞ্চলৰ লগতে ইয়াৰ নিকটৱৰ্তী বিভিন্ন অঞ্চলত এটা দুষ্ট চক্ৰই অনুমতি বিহীনভাৱে পথাৰৰ মাটি খনন কৰি কৃষিভূমি বিস্তৰ ক্ষতি সাধন কৰিছে।
ইয়াৰ সমান্তৰালকৈ দীৰ্ঘদিন ধৰি চক্ৰটোৱে কৃষি ভূমিত অবৈধভাৱে বালি খনন কৰি ব্যৱসায় চলাই থকাৰ অভিযোগৰ ভিত্তিত সোণাপুৰ বন বিভাগ তৎপৰ হৈ পৰে।