অবৈধ কাঠফলা কল উৎখাত, বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ বন বিভাগৰ
February 16, 2022নিউজ ডেস্ক। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন এলেকাত অব্যাহত আছে বন ধ্বংসযজ্ঞ।
বিভিন্ন এলেকাত অবৈধভাৱে স্থাপন কৰা হৈছে কাঠফলা কল।
ইপিনে, কামৰূপ জিলাৰ নগৰবেৰা ৰেঞ্জৰ অধীনস্থ ভিন্ন এলেকাৰ বন বিভাগে বিগত কিছুদিন ধৰি বন ধ্বংসকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
এক শেহতীয়া অভিযান বিভাগটােৱে অবৈধ কাঠফলা কল উৎখাত কৰে।
লগতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দলে বকোৰ মালিবাৰী সত্ৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত চোৰাং কাঠৰ অধিকাংশই শাল কাঠ। জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্রায় ৫ লক্ষাধিক টকা হ’ব।
বন বিভাগে জনোৱা মতে এখন অবৈধ কাঠৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি জব্দ কৰা হৈছে।
ইপিনে, অবৈধ কাঠৰ দোকানখনৰ পৰা পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিলেও দোকানখনৰ গৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল।