অবৈধ কাঠফলা মিল উচ্ছেদ, বৃহৎ পৰিমাণৰ গছৰ কুণ্ডা জব্দ কৰ বনবিভাগৰ

September 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ দুধনৈৰ ডাবলিত অবৈধ কাঠফলা মিল জব্দ।

উল্লেখ্য যে দুধনৈৰ বিভিন্ন অঞ্চলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়।

এই অবৈধ ব্যৱসায় চলাই গৈছে একাংশ অসাধু চক্ৰই।

এনে চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে দুধনৈৰ ডাবলি অঞ্চলত বন বিভাগে চলাইছে অভিযান।

বন বিভাগৰ অভিযান কালত ডাবলিৰ গাৰোপাৰাত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে লক্ষাধিক মূল্যৰ মূল্যৱান গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ।

অবৈধভাৱে চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠফলা মিলটো স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই অবৈধ কাঠফলা মিলটো উচ্ছেদ কৰে বনবিভাগে।

উক্ত মিলটোত ব্যৱহাৰ কৰা মেচিন, সামগ্ৰী আৰু বহু পৰিমাণৰ গছৰ কুণ্ডা জব্দ কৰে বনবিভাগে।