অবৈধ কাঠফলা মিল উৎখাত বন বিভাগৰ

December 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত আছে বন সম্পদৰ অবাধ ধ্বংসযজ্ঞ।

গােৱালপাৰা জিলাতাে বন মাফিয়া চক্ৰই অবৈধ কাঠফলা কল স্থাপন কৰি বন ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে।

শেহতীয়াকৈ বন বিভাগে এনে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইপিনে, গোৱালপাৰাৰ চহৰী নয়াপাৰাত অবৈধ কাঠফলা কল উৎখাতৰ লগতে বৃহৎ সংখ্যক চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ।

গোৱালপাৰা বন বিভাগে শুকুৰবাৰে পুৱাৰ ভাগতে পশ্চিম গোৱাৰপাৰা চহৰী নয়াপাৰাত অভিযান চলাই এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে মিলত ফালিবলৈ ৰখা বৃহৎ পৰিমাণৰ চোৰাংকাঠৰ কুণ্ডা জব্দ কৰে।

জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে।

লগতে চাওকঃ

মৰ্মান্তিক! শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত দুই কণমানিৰ মৃত্যু, বিধ্বস্ত ঘৰ