অবৈধ তীৰ খেলৰ সৈতে জড়িত ৭ জনক আটক আৰক্ষীৰ
December 22, 2021নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ অভয়াপুৰী বজাৰত অবৈধ তীৰ খেলৰ লগত জড়িত সাতজন লোকক আটক।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বজাৰত এক দুষ্ট চক্ৰই বিভিন্ন দল সংগঠনৰ একাংশ লােকক মেনেজ কৰি মুকলিকৈ অবৈধভাৱে তীৰ খেল চলাই থকা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হোৱাৰ পিছত অভয়াপুৰীৰ আৰক্ষীৰ দলে সাধাৰণ পোছাকত অভিযান চলাই অবৈধ তীৰ খেলৰ লগত জড়িত ৭গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে উক্ত এণ্ডিং খেলৰ লগত জড়িত মূল নায়কসকল পলাই সাৰিবলৈ সক্ষম হয়।
ইপিনে পলাতক হৈ থকা তীৰ খেলৰ মূল নায়ক সকলক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।
লগতে চাওকঃ