অবৈধ বালি কঢ়িওৱা দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ, প্ৰাণৰক্ষা চালকৰ
February 24, 2022কলগাছিয়া-বালাৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন অবৈধ বালি ভৰ্তি ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত কথমপি প্ৰাণ ৰক্ষা দুই চালকৰ।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰত পুনৰ ডাম্পাৰ দুৰ্ঘটনা।
এটাৰ পিছত এটা সংঘটিত হৈ আহিছে অবৈধ বালি ভৰ্তি ডাম্পাৰ দুৰ্ঘটনা।
বুধবাৰে ৰাতিপুৱা দুখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে দুই ডাম্পাৰ চালকৰ।
উল্লেখ্য যে কলগাছিয়াৰ পৰা এএছ১৫ এচি২০২৭ নম্বৰৰ এখন ডাম্পাৰে বামুণটাৰী অভিমুখে গৈ থকা অৱস্থাত আৰু ছপুৰৰ পৰা এএছ ২৬ চি৭৭০০ নম্বৰৰ বালি ভৰ্তি ডাম্পাৰখনে কলগাছিয়া অভিমুখে গৈ থকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়।
অৱশ্যে দুৰ্ঘটনাটোত চালকৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।
একাংশ অসাধু চক্ৰই অবৈধভাৱে দৈনিক বালি সৰবৰাহ কৰি আহিছে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অতি শীঘ্ৰেই এই বালি খনন কাৰ্য বন্ধ কৰিবলৈ বন বিভাগ তথা বৰপেটা জিলা প্ৰশানক দাবী জনাইছে সচেতন ৰাইজে।