অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগৰ তীব্ৰ অভিযান
November 21, 2021নিউজ ডেস্ক। চৰকাৰক ৰাজহ ফাঁকিৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত এতিয়াও অব্যাহত আছে অবৈধ বালি খনন।
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকোৰ ৰৌমাৰীত চলি থকা অবৈধভাৱে বালি খননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত শিংৰা নৈৰ পৰা ৰৌমাৰী অঞ্চলত অবৈধভাৱে চলি থকা বালি খনন কাৰ্য বন্ধ কৰিবলৈ উপস্থিত হয় বন বিভাগৰ অভিযানকাৰী দল।
অভিযানকাৰী দলটোৱে ৰৌমাৰীত উপস্থিত হৈ ৬টাকৈ বালি উঠোৱা মেচিন, দুখন ডাম্পাৰ, এখন জেচিবি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জব্দকৃত ডাম্পাৰ দুখনৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকাৰ বাবে বনবিভাগে জব্দ কৰে বুলি জানিব পৰা গৈছে।