অবৈধ মাৰণাস্ত্ৰসহ এজন যুৱকক আটক আৰক্ষীৰ
July 15, 2021নিউজ ডেস্ক। ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
এইবাৰ অবৈধ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল এজন যুৱক।
জানিব পৰা মতে. ধুবুৰী জিলাৰ পাগলাহাট আৰক্ষীয়ে পিষ্টলসহ আটক কৰে বক্কৰ আলীক।
পাগলাহাট নিৰক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিপুন দাসে গোপন সূত্ৰৰ পম খেদি আলাকজাৰিৰ পৰা আটক কৰিবলৈ সক্ষম হয় লােকজনক।
পিষ্টসলসহ আটকাধীন বক্কৰ আলীৰ ঘৰ কাজিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত মৰাণডুবি গাঁৱত।
বৰ্তমান ব্যক্তিজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।