অবৈধ মাৰণাস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

November 29, 2021 0 By NEWS DESK

বোকাজানত অবৈধ মাৰণাস্ত্ৰসহ এজনক আটক।

বোকাজান মহকুমাৰ খটখতি আৰক্ষী চকীৰ অন্তৰ্গত টিলাবস্তিৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় খটখতি আৰক্ষী।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জোন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী চকী, খটখটি আৰক্ষী চকীৰ আৰক্ষী পাল আৰু বোকাজান চিআৰপিএফ বাহিনীৰ সহযোগত দেওবাৰে নিশা খটখটি আৰক্ষী চকীৰ অন্তৰ্গত টিলাবস্তিৰ টাৱাৰৰ সমীপত এটা .৩২ পিষ্টল, মেগজিনসহ তিনি জাঁই সজীৱ গুলী জব্দ কৰিবালৈ সক্ষম হয়।

বোকাজান আৰক্ষীয়ে দেওবাৰে নিশা শিখা দেৱ নাথ নামৰ লোকজনৰ ঘৰত জব্দ কৰিছে বুলি জানিব পৰা গৈছে এই মাৰণাস্ত্ৰটো।

অধিক তথ্যৰ বাবে খটখতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি ও জানিব পৰা গৈছে।