অবৰ্ণনীয় জীৱন! বন্ধন বেংকৰ ঋণ লৈ সন্তানৰ বাবে লোহাৰ পিঞ্জৰা বনাইছে পিতৃ-মাতৃয়ে…

July 12, 2021 0 By Biraj Kalita

পোন্ধৰ বছৰে পিঞ্জৰাত আবদ্ধ এজন যুৱক।

পিঞ্জৰাৰ ভিতৰতে খাইছে, শুইছে কৰিছে শৌচ–প্ৰস্ৰাৱো।

গাত কাপোৰ বুলিবলৈ নাই, হাড় কঁপোৱা জাৰৰ দিনটো সম্পূৰ্ণ বিবস্ত্ৰ হৈ পৰি থাকে পিঞ্জৰাৰ ভিতৰত।

এক অবৰ্ণনীয়, অকল্পনীয় জীৱন।

যুৱকজনৰ নাম চাদ্দাম হুছেইন, দৰঙৰ ছিপাঝাৰ সমষ্টিৰ ২নং সুক্তাগুৰি গাঁৱৰ আত্তাৰ আলী আৰু হাচিনা বিবিৰ দ্বিতীয় সন্তান চাদ্দাম।

পাঁচ বছৰ বয়সলৈ সকলো থিকেই আছিল।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, পাঁচ বছৰ বয়সত টাইফয়ড ৰোগত আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে চাদ্দামে।

পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেই দিন ধৰি কাপোৰৰ সতে তাৰ শত্ৰুতা।

কাপোৰ হাতেৰে স্পৰ্শ কৰিব পৰিলেই কামুৰি কামুৰি ফালি–চিৰি নষ্ট কৰি পেলায়। পিতৃ-মাতৃয়ে ভাত-পানীও দিব লাগে খুৱাই।

দিন হাজিৰা কৰি কোনোমতে পেটে-ভাতে খাই থকা পৰিয়ালটো এতিয়া চাদ্দামক লৈ পৰিছে বিমোৰত।

কিয়নো চাদ্দামক আবদ্ধ কৰি ৰখা কাঠৰ পিঞ্জৰাটো এতিয়া ভাঙি চিঙি গৈছে।

সেয়েহে বন্ধন বেংকৰ পৰা এতিয়া ১২ হাজাৰ টকা ঋণ লৈছে পৰিয়ালটোৱে, পুত্ৰৰ বাবে লোহাৰ পিঞ্জৰা বনাবলৈ।

দীৰ্ঘদিনে স্থানীয় জনপ্ৰতিনিধি কিম্বা সমাজ কল্যান বিভাগক বহু আবেদন নিবেদন কৰি নাপালে কোনো সুফল।আনকি হুইল চকী এখন পাবলৈও সমৰ্থ নহ’ল এই দুৰ্ভগীয়া পৰিয়ালটোৱে।

প্ৰশ্ন উঠিছে কেতিয়া ৰজাঘৰৰ দৃষ্টি পৰিব দুৰ্ভগীয়া পৰিয়ালটোলৈ।