অভাৰটেক কৰিবলৈ গৈ ট্ৰাকৰ চেপাত মৃত্যু বাইক আৰোহী যুৱকৰ

November 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তপাৰাত ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে দুপৰীয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক চালক যুৱকৰ শোকাৱহ মৃত্যু হয়।

মৃত যুৱকজন যোগীঘোপাৰ ষট্পাৰাৰ সঞ্জৱ আলীৰ পুত্ৰ জহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰামতে, যুৱকজনে চলন্তপাৰাৰ পৰা এ এছ ১৯ এন১২০৪ নম্বৰৰ পালচাৰ বাইকৰে যোগীঘোপালৈ গৈ থকা সময়তেএকে দিশেৰে গৈ থকা এএছ ১৭বি ৪৭৭০ নম্বৰৰ চাউলভৰ্তি ট্ৰাকখনৰ চেপাত পৰে।

যুৱকজনে ট্ৰাকখনক অতিক্ৰম কৰিব খোজোতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ চকাৰ তলত সোমাই।

গুৰুতৰভাৱে আহত যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চলন্তপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল