অভাৰলােড ট্ৰাকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান, সংগ্ৰহ ৫ লক্ষাধিক টকাৰ জৰিমনা

August 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অতিৰিক্ত সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান।

চৰাইদেউৰ সোণাৰিত চলিল পৰিবহণ বিভাগৰ এই বিশেষ অভিযান।

এই অভিযানত বিভাগটােৱে অসমৰ পৰা নাগালেণ্ড অভিমুখী কুৰিখনৰো অধিক অভাৰ লোডী ট্ৰাক জব্দ কৰে।

এই জব্দকৃত ট্ৰাকসমূহৰ পৰা সংগ্ৰহ কৰে ৫ লক্ষাধিক টকাৰ জৰিমনা।

জানিব পৰা মতে, জিলা পৰিবহণ বিষয়া ৰাজীৱ বৰদলৈৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা বৃহৎ অভিযানকাৰী দলে জিলাখনৰ সোণাৰি নগৰৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ তালাচী অভিযান চলায়।

এই অভিযানত নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মন জিলা অভিমুখে যোৱা কুৰিখনৰো অধিক চাউল কঢ়িওৱা ট্ৰাক জব্দ কৰে।

উল্লেখযোগ্য যে ট্ৰাককেইখনে পৰিবহণ বিভাগৰ নীতি-নিৰ্দেশনা উলংঘা কৰি অভাৰ লোড কৰি চাউলসমূহ লৈ গৈছিল।

ইফালে, যোৱা কিছুদিনৰ পৰা পৰিবহণ বিষয়াজনৰ নেতৃত্বত জিলাখনৰ বিভন্ন প্ৰান্তত ভ্ৰাম্যমাণ তালাচী অভিযান চলায় বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা, অভাৰ লোড আৰু গাড়ীৰ উপযুক্ত নথিপত্ৰ নথকা কেইবাখনো ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পৰিবহণ বিষয়া হিচাপে জিলাখনত নতুনকৈ যোগদান কৰা ৰাজীৱ বৰদলৈৰ অভিযানক স্থানীয় ৰাইজ তথা সচেতন মহলে শলাগ লোৱাৰ লগতে অনাগত দিনতো এনে ধৰণৰ অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে।