অভিনেতা ভাস্কৰ বড়োৰ দেহাৱসান

October 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ মাকেলীৰ কচাৰীপাৰা নিবাসী তথা অভিনেতা ভাস্কৰ বড়োৰ দেহাৱসান।

দক্ষিণ কামৰূপৰ খ্যাতনামা অভিনেতাৰ লগতে এগৰাকী সু-গায়ক হিচাপেও পৰিচিত আছিল প্ৰয়াত ভাস্কৰ বড়ো।

পৰিয়ালৰ সূত্ৰই জনােৱা মতে, নিশা ১ বজাত তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত ভাস্কৰ বড়োৰ বয়স আছিল ৪৮ বছৰ।

ভাস্কৰ বড়োৰ মৃত্যুত ছয়গাঁও শিল্পী সমাজত এক গভীৰ শোকৰ ছাঁ পৰে।