অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিৰুদ্ধে গোচৰঃ কি ক’লে অভিনেত্ৰী গৰাকীয়ে?

June 28, 2021 0 By Biraj Kalita

চৰ্চাত অভিনেত্ৰী শ্যমন্তিকা শৰ্মা।

শ্যামন্তিকা শৰ্মাসহ তেওঁৰ পৰিয়ালৰ আন কেইবাগৰাকীও সদস্যৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত ৰুজু হৈছে এটা গোচৰ।

এই গোচৰ ৰুজু কৰিছে শ্যামন্তিকাৰ বৌৱেক নিমীষাৰাণী বৰুৱাই।

বৌৱেক নিমীষাৰাণী বৰুৱাই স্বামী ঋষীকেশ প্ৰাণ ভৰদ্বাজ তথা পৰিয়ালটোৱে দীৰ্ঘদিনৰ পৰা তেওঁক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে.

আনহাতে, এই অভিযোগক মনেসজা আখ্যা দিছে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই।

তেওঁ কয়-‘পতি-পত্নীৰ মাজত কিবা কাজিয়া হৈছে, তাত মোক, মাক আৰু ডাঙৰ দাদাক টানি লাভ নাই। অসমত সকলোৱে মোক চিনি পায় কাৰণে মোক সামৰি এখন নাটক কৰাটো উচিত কথা নহয়।’