অ’মিক্ৰণত আক্ৰান্ত অসমৰ ১৩ বছৰীয়া কিশোৰ, বৰ্তমান পলাতক…

January 5, 2022 0 By NEWS DESK

অ’মিক্ৰণত আক্ৰান্ত অসমৰ এগৰাকী ১৩ বছৰীয়া কিশোৰ।

মঙলবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত পোৱা গৈছে অমিক্ৰণত আক্ৰান্ত ৰোগী।

ইয়াৰ মাজতে খবৰ আহিছে যে অসমৰ এজন কিশোৰ আক্ৰান্ত হৈছে অ’মিক্ৰণত।

মেঘালয়ত অ’মিক্ৰণত আক্ৰান্ত সোণাপুৰৰ এজন কিশোৰ।

সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ।

কৰ্মসুত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল।

আৰু যোৱা ২১ ডিচেম্বৰত মেঘালয়ত কোভিড -১৯ পৰীক্ষা কৰাত অমিক্ৰন সংক্ৰমণৰ কথা ধৰা পৰে।

পাছত পৰিয়ালৰটোৱে সোণাপুৰৰ মৈৰাকুছিস্থিত ভাৰাঘৰত আশ্ৰয় লয়।

কিন্তু বৰ্তমান অমিক্ৰণত আক্ৰান্ত কিশোৰজন পলাতক আছে বুলি জানিব পৰা গৈছে।

প্ৰশাসনে বিচাৰি ফুৰিছে কিশোৰজনক। এই কথা সদৰী কৰিলে জিলা প্ৰশাসনে।

বৰ্তমান সোণাপুৰ আৰক্ষীয়ে ল’ৰাজনৰ সন্ধান অব্যাহত ৰাখিছে।