অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানু…

July 24, 2021 0 By Biraj Kalita

টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক।

উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মীৰা বাঈ চানুৱে অলিম্পিকৰ প্ৰথমটো দিনতেই লাভ কৰিলে ভাৰতৰ হৈ প্ৰথমটো পদক।

প্ৰতযোগিতাৰ চূড়ান্ত খেল খনত মীৰা বাঈ চানুৱে ৪৯ কেজি শাখাত এই সফলতা লাভ কৰিছে।

ভাৰত্তোলনত ৪৯ কেজি শাখাত মীৰা বাঈয়ে সৰ্বমুঠ ২০২ কেজি দাঙি লাভ কৰিবলৈ সক্ষম হৈছে ৰূপৰ পদক।

১৯৯৪ চনৰ ৮ জুলাইত মণিপুৰত জন্মগ্ৰহণ কৰা মীৰা বাঈৰ সম্পূৰ্ণ নাম চাইখোম মীৰা বাঈ চানু।তেওঁৰ শৰীৰ উচ্চতা ৪ ফুট ১১ ইঞ্চি। ইতিমধ্যে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মীৰা বাঈয়ে লাভ কৰিছে ’পদ্মশ্ৰী’ আৰু ’খেলৰত্ন’ সন্মান।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকতো অংশগ্ৰহণ কৰিছিল মীৰা বাঈ চানুৱে। সেইবাৰো তেওঁ ৪৯ কেজি শাখাত ভাৰত্তোলনত দেশক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু ৰিঅ’ত মীৰা বাঈয়ে অলিম্পিক পদক স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল।

যাৰ বাবে তেতিয়াই তেওঁ পুনৰ অলিম্পিকত অংশগ্ৰহণ কৰি পদক জয় কৰাৰ মন বান্ধিছিল। তাৰেই ফলস্বৰূপে আজি দেশে লাভ কৰিলে মীৰা বাঈৰ পৰা অলিম্পিকৰ পদক।

ভাৰতীয় ভাৰোত্তোলন ইতিহাসত অলিম্পিকত এইটো ভাৰতৰ দ্বিতীয় পদক।

ভাৰতে ইয়াৰ পূৰ্বে চিডনী অলিম্পিকত (২০০০) ভাৰোত্তোলনত পদক জিকিছিল।

পদকটো কৰ্ণম মল্লেশ্বৰীয়ে জিকিছিল।

মীৰাবাই চানু অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ভাৰোত্তোলক।

অলিম্পিক প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ পাছতে মীৰা বাঈলৈ দেশবাসীয়ে জনাইছে শুভেচ্ছা।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, কিৰেণ ৰিজিজুকে ধৰি সকলোৱে মীৰা বাঈলৈ জনাইছে শুভেচ্ছা।