অলৌকিক! ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ১৮ খন দােকান, অক্ষত থাকিল শিৱ মন্দিৰ

October 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়াৱহ অগ্নিকাণ্ডৰ মাজতে সংঘটিত এক অলৌকিক ঘটনা সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ধেমাজী জিলাৰ বৃহত্তৰ চিচিবৰগাঁৱৰ বাসিন্দাসকলৰ বাবে।

ভয়াৱহ জুইৰ মাজতো কোনো ক্ষয়-ক্ষতিসাধন নহ’ল চিচিবৰগাঁও শিৱমন্দিৰৰ।

নিশা চিচিবৰগাঁৱত সংঘটিত হোৱা অগ্নিকাণ্ডত নিমিষতে ভস্মিভূত হয় ১৮খনকৈ দোকান। কিন্তু তাৰ মাজতে সংঘটিত হয় এক আশ্চৰ্যকৰ ঘটনা।

প্ৰচণ্ড আগ্নিকাণ্ডই ভস্মিভূত কৰে ১৮ খনকৈ দোকান কিন্তু তাৰ মাজতে ৰাইজে স্থাপন কৰা সৰু শিৱ মন্দিৰ থাকিল অক্ষত অৱস্থাত।

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল চাৰিওফালৰ দোকান-পোহাৰ। কিন্তু জুইয়ে নুপুৰিলে মন্দিৰটোৰ এটা অংশও।

ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰি আশ্চৰ্য প্ৰকাশ কৰিছে।

অন্যহাতে, মন্দিৰৰ গাতে লাগি থকা আহত গছজোপাও এফাল ভস্মীভূত হৈ যায়। কিন্তু মন্দিৰটোৰ সামান্যও ক্ষতি নহোৱাত এয়া ভগৱানৰে মহিমা বুলি আলোচনা কৰিছে।