অশান্ত সীমান্তঃ অসম-মিজোৰাম সীমান্তত দুটাকৈ বিস্ফোৰণ…

July 11, 2021 0 By Biraj Kalita

পুনৰ অসম-মিজোৰাম সীমান্তত তীব্ৰ উত্তেজনা।

অসমৰ ভূমিত দুটাকৈ গ্ৰেণেড বিস্ফোৰণ ঘটালে মিজো দুৰ্বৃত্তই।

নিবাৰে নিশা সীমান্তৰ ধলাখালত সংঘটিত হৈছে দুটাকৈ গ্ৰেণেড বিস্ফোৰণ।

অসমৰ ভূমিৰ তিনি কিলোমিটাৰ ভিতৰত এই গ্ৰেনেড বিস্ফোৰণ কৰে মিজো দুৰ্বৃত্তই।

যাৰ ফলত অঞ্চলটোত এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখ্য যে, মিজোসকলে হাতে হাতে অস্ত্ৰ-শস্ত্ৰ লৈ ভয়-ভাবুকি প্ৰদানেৰে অসমৰ ভূমি দখল কৰা কাৰ্যক লৈ পুনৰ উত্তপ্ত হৈ উঠিছে সীমান্ত অঞ্চল।

ইফালে শনিবাৰে এটা পথ নিৰ্মাণ লৈও উত্তেজনাৰ সৃষ্টি হৈছিল, লগতে মিজো সকলে অসম আৰক্ষীক লক্ষ্য কৰি এটা গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিছিল।

এই ঘটনাৰ পিছতে নিশা পুনৰ দুটা বিস্ফোৰণ সংঘটিত হোৱাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে সীমান্তত বসবাস কৰা লোকসকল