অশ্লীল ভিডিঅ’ ভাইৰেল কৰিলে প্ৰাক্তন প্ৰেমিকে, বিয়াৰ পিছতে সংসাৰ ভাঙিলে যুৱতীৰ

July 15, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। প্ৰাক্তন প্ৰেমিকৰ অবাঞ্ছিত কাণ্ডৰ বাবেই সংসাৰ ভাঙিল এগৰাকী ন-বিবাহিতাৰ।

প্ৰাক্তন প্ৰেমিকে যুৱতীগৰকীক নিচাজাতীয় দ্ৰব্য খুৱাই দুবছৰ পূৰ্বে কৰিছিল আপত্তিজনক দৃশ্য।

যুৱতীগৰাকীৰ বিয়া অন্য যুৱকৰ সৈতে সম্পন্ন হােৱাৰ দুসপ্তাহৰ পাছতে সেই ৰেক’ৰ্ডিং ভাইৰেল কৰিলে প্ৰাক্তন প্ৰেমিকজনে।

সেই ভিডিঅ’ লাভ কৰিলে ন-বিবাহিতাগৰাকীৰ স্বামীয়ে। লগে লগে ঘৰৰ পৰা বাহিৰ কৰিলে দুৰ্ভগীয়া যুৱতীগৰাকীক।

এই ঘটনা সংঘটিত হৈছে কলগাছিয়াত।

সংসাৰ ভঙাৰ পিছতে প্ৰাক্তন প্ৰেমিকজনৰ লগতে আন চাৰিজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে।

উল্লেখযোগ্য যে বিগত দুবছৰৰ পৰা ডুবজেনি গাঁৱৰ হুছেইন উপাধিৰ যুৱকৰ লগত যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত যুৱতীগৰাকীৰ ডুবজেনি গাঁৱৰ এটা ঘৰৰ ভিতৰত নিচাযুক্ত দ্ৰব্য খুৱাই আপত্তিজনক অৱস্থাত ভিডিঅ’ ৰেকৰ্ড কৰিছিল যুৱকজনে।

পৰিয়ালৰ লোকে দুমাহ পূৰ্বে যুৱতীগৰাকীক অন্য ঠাইত বিয়া দিছিল।

বিয়াৰ পোন্ধৰ দিন পিছতে প্ৰাক্তন প্ৰেমিকজনে ভাইৰেল কৰা ভিডিঅ’সমূহ প্ৰত্যক্ষ কৰি স্বামী গৃহৰ পৰা খেদি পঠিয়াই যুৱতীগৰাকীক।

উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে প্ৰাক্তন প্ৰেমিকৰ লগতে আন কেইজনমান সংগীৰ বিৰুদ্ধে সোমবাৰে নিশা কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।