অষ্টম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন, পৰিয়ালৰ মাজত হাহাকাৰ
July 31, 2021নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত সক্ৰিয় হৈ আছে শিশু তথা নাৰী সৰবৰাহকাৰী চক্ৰ।
ইয়াৰ মাজতে এইবাৰ ধুবুৰী জিলাৰ গৌৰীপুৰত ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী।
জানিব পৰা মতে, গৌৰীপুৰৰ পাণবাৰীত সংঘটিত হৈছে এই ঘটনা।
গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ সপ্তম খণ্ড গাঁৱৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ নিৰুদ্দেশ হোৱাৰ আজি ১০ দিন উকলি যোৱাৰ পিছতো কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে।
গাঁওখনৰ বাসিন্দা জয়নাল আবেদিনৰ কন্যা তথা শিতলকাচি এম ই মাদ্ৰাছাত অধ্যয়নৰত অষ্টম শ্ৰেণীৰ ছাত্ৰী হনুপা খাতুন।
১৪ বচৰীয়া ছাত্ৰীগৰাকী যোৱা ২১ জুলাই পৰা নিৰুদ্দেশ হয়। পিছত ২২ জুলাইৰ দিনা ছাত্ৰীগৰাকীৰ পৰিয়ালে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকগৰাকীক দৃষ্টি ৰাখিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে।