অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ

January 19, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ধেমাজী জিলাৰ চিলাপথাৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ।

১৫ বছৰীয়া নিৰুদ্দিষ্ট ছাত্ৰজনৰ নাম দীপাংকৰ কৰ।

ঘটনাৰ বিৱৰণী মতে, দেওবাৰে আবেলি প্ৰায় ৩ মান বজাতত কাৰোবাৰ পৰা কিতাপ আনিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে চিলাপথাৰ ডনবস্ক’ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ দীপাংকৰ কৰ নামৰ ছাত্ৰজন।

কোনো সদাশয় ৰাইজে দীপাংকৰ কৰৰ কিবা সম্ভেদ পালে ৬০০১৩-২০৫৪২ বা ৯৯৫৪৬-৪৩৮৬২ নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত খবৰ কৰিবলৈ দীপাংকৰৰ পিতৃ-মাতৃয়ে কাঁতৰ অনুৰোধ জনাইছে।