অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যতসমূহত আগন্তুক তিনিদিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা…

May 13, 2021 0 By Biraj Kalita

অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যতসমূহত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।

অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

ভূ-বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰিছে এই আগজাননী।

সেই অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড, পশ্চিমবংগ, ওড়িশা, অৰুণাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, কর্ণাটকৰ বিভিন্ন অঞ্চল, তামিলনাডু, পুডুচেৰী আদি অঞ্চলত৷

মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, বৰষুণ, বিজুলী–ঢ়েৰেকনিৰে ব্রজপাত আদিয়ে পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, জম্মু–কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, তেলেংগানা আদি ৰাজ্যত প্রচণ্ড প্রভাৱ পেলাব পাৰে৷