অসমক জম্মু-কাশ্মীৰ কৰাৰ পৰিকল্পনা বদৰুদ্দিন আজমলৰঃ সত্যৰঞ্জন বৰা
December 5, 2020নিউজ ডেস্ক। বিদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পূঁজি যােগান দিয়া এন জি অ’ই আজমল ফাউণ্ডেশ্যনকো ধন দিয়া বুলি শেহতীয়াকৈ এটা স্বেচ্ছাসেৱী সংস্থাই প্ৰকাশ কৰা চাঞ্চল্যকৰ অভিযােগক লৈ তােলপাৰ লাগিছে অসমতাে।
বদৰুদ্দিন আজমলে এই অভিযােগ নস্যাৎ কৰিলেও শাসকীয় বিজেপি দলৰ বহু নেতাই ইতিমধ্যে আজমল ফাউণ্ডেশ্যন আৰু এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে।
ইপিনে, দলৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গােচৰ ৰুজু কৰিছে বহুচৰ্চিত বিজেপি নেতা সত্যৰঞ্জন বৰাই।
সাংবাদিকৰ আগত মন্তব্য কৰি বৰাই কয় যে যি সমূহ সংগঠনে জম্মু-কাশ্মীৰৰ হিন্দু সকলক নিঃশেষ কৰাৰ বাবে সন্ত্ৰাসবাদী সংগঠনলৈ ধন যােগান ধৰিছে, সেই একে সংগঠনেই আজমল ফাউণ্ডেশ্যনক ধন দিছে।
তেওঁ অভিযােগ কৰে যে অসমক জম্মু-কাশ্মীৰ কৰাৰ পৰিকল্পনা কৰিছে আজমলে।
তেওঁ অভিযােগ কৰে যে আজমলে ৰাজ্যৰ মাদ্ৰাছা সমূহতো এই ধনেৰে দেশদ্ৰোহিতাৰ কাম চলাই আছে।
চৰকাৰে এনে দেশ বিৰােধী কামকাজ অনতিপলমে বন্ধ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।
লগতে চাওকঃ