অসমত অ’মিক্ৰণঃ মেঘালয়লৈ যোৱা অসমৰ পৰ্যটকৰ দেহত অমিক্ৰন…

January 5, 2022 0 By NEWS DESK

অসম পালেহি অমিক্ৰণ।

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আজি পাঁচজন লোকৰ শৰীৰত ক’ভিডৰ অ’মিক্ৰণ ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰে।

এই ৫গৰাকীৰ ভিতৰত এগৰাকীৰ ঘৰ অসমত বুলি জানিব পৰা গৈছে।

অসমৰ লোকজনে মেঘালয়লৈ ফুৰিবলৈ গৈছিল।

মেঘালয়ত পাঁচগৰাকী লোকৰ শৰীৰত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰাটো ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰী কৰে।

উল্লেখযোগ্য যে, মণিপুৰৰ পাছত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰা মেঘালয় হৈছে দ্বিতীয়খন উত্তৰ-পূবৰ ৰাজ্য।

ইপিনে, ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে ৰাজ্যখনলৈ যাব বিচৰা পৰ্যটক সকলৰ বাবে আৰটিপিচিআৰ টেষ্ট বাধ্যতামূলক কৰিছে।

এতিয়াৰে পৰা ক’ভিড ভেকচিন গ্ৰহণ কৰা লোকসকলেও মেঘালয়লৈ যাবলৈ হ’লে আৰটিপিচিআৰ নিগেটিভ ফলাফল দেখুৱাব লাগিব।

ৰাজ্যখনত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো বৈধ-অবৈধ নিয়মৰ পুনৰ প্ৰৱৰ্তন কৰা হৈছে।