অসমত আন এগৰাকী ক’ভিড আক্ৰান্ত লোকৰ দেহত ধৰা পৰিছে ব্ৰেল ফাংগাছ…
May 30, 2021কৰ’ণাৰ সমান্তৰালকৈ ৰাজ্যত ব্লেক ফাংগাছৰ আতংক।
অসমত আন এগৰাকী ক’ভিড আক্ৰান্ত লোকৰ দেহত ধৰা পৰিছে ব্ৰেল ফাংগাছ।
শিলচৰ মেডিকেল কলেজত প্ৰথমজন ব্লেক ফাংগাছ ৰোগী চিনাক্ত হৈছে।
জানিব পৰা মতে, এই ৰোগত আক্ৰান্ত হোৱা অলক দেব নামৰ ৪৫ বছৰীয়া ব্যক্তিজন শিলচৰৰ বাসিন্দা।
যোৱা কিছু দিন পূৰ্বে লোকজন কৰ’ণাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত ভৰ্তি হৈ আছিল।
শনিবাৰে তেওঁৰ দেহত ব্লেক ফাংগাছৰ উপস্থিতি পোৱা গৈছে বুলি জানিবলৈ দিয়ে কাছাৰ জিলা প্ৰশাসনৰ মিডিয়া কোর্ডিনেটৰ সুমন চৌধুৰীয়ে৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৭ বছৰীয়া এজন ক’ভিড আক্ৰান্ত যুৱকৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্লেক ফাংগাছৰ বাবে মৃত্যু ঘটিছিল।