অসমত এক সাম্প্ৰদায়িক, ধৰ্মীয় আৰু ফেচিবাদী ইতিহাস তৈয়াৰ কৰিব বিচৰা হৈছেঃ অখিল গগৈ…

July 8, 2021 0 By Biraj Kalita

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গুৰুত্বপূৰ্ণ সংবাদমেল।

বিধায়ক হিচাপে অখিল গগৈৰ এইখন প্ৰথমখন আনুষ্ঠানিক সংবাদমেল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা বিভিন্ন বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাষ কৰে অখিল গগৈয়ে।

সংবাদমেলত অখিল গগৈয়ে কয়- হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত কিছুমান আশ্চৰ্য্যজনক ঘটনা ঘটিবলৈ লৈছে। অপৰাধ কৰা বুলি অনুমান কৰি যেতিয়া আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰে, আজি কিছুদিনৰ পৰা আৰক্ষীয়ে গুলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে। অপৰাধীৰ কোনো বিচাৰ নকৰাকৈ শাস্তি দিয়া কাম আৰম্ভ কৰি দিয়া হৈছে। এইয়া গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী আৰু এটা ফেচিবাদী কাম।

, অভিযুক্তক শাস্তি প্ৰদানৰ বাবে এক ন্যায়িক ব্যৱস্থা আছে বুলি দাবী কৰি অখিলে লগতে কয়, ‘বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অভিযুক্তজন দোষী নে নিৰ্দোষী প্ৰমাণিত কৰে আদালতে। দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত অভিযুক্তসকলক আৰক্ষীয়ে গুলিয়াই দিছে। এই ঘটনাই সমগ্ৰ পৃথিৱীৰ সচেতন মহলক সচকিত কৰি তুলিছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

ইপিনে হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাত আইন প্ৰণয়ন বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এজন বিধায়কৰ চাৰিটা ক্ষমতা থাকে। কাৰ্যকৰী ক্ষমতাও আছে বিধায়কৰ। মু্খ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে যিসমূহ কাম কাজ কৰে তাক নিয়ন্ত্ৰণ কৰিব পাৰে বিধায়কে। উচ্চতম ন্যায়ালয়ে কৈছে বিধায়কৰ সমষ্টিৰ লগত এৰাব নোৱাৰা সম্পৰ্ক আছে। সমষ্টিৰ উন্নয়নত বিধায়কৰ ভূমিকা গুৰুত্বপূৰ্ণ।

অসমৰ মুখ্যমন্ত্ৰীয়ে বিধায়কৰ দায়িত্ব কমাবলৈ গৈ তেওঁ প্ৰতিষ্ঠিত আইন, উচ্চতম ন্যায়ালৰ বিৰুদ্ধে গৈছে বুলি মন্তব্য কৰি সকলো বিধায়ককে মুখ্যমন্ত্ৰীৰ অসাংবিধানিক কথাৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে।

জিলাৰ অভিভাৱক মন্ত্ৰী দায়িত্ব দিয়াটো অসাংবিধানীক আখ্যা অখিল গগৈৰ।

বিধায়কৰ ক্ষমতা কৰ্তন কৰিবলৈ, গণতন্ত্ৰক সংকোচিত কৰিবলৈ আৰু স্বৈৰতন্ত্ৰ বা এক নায়কত্ববাদ প্ৰতিষ্ঠাৰ বাবে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে বুলি মন্তব্য অখিল গগৈৰ।

মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ ইতিহাস বিকৃতকৰণ কৰিবলৈ লৈছে বুলি অভিযোগ অখিল গগৈয়ে কয়- নতুনকৈ ইতিহাস তৈয়াৰ কৰিব খোজা হৈছে অসমত, পুৰণি প্ৰকৃত ইতিহাস মচিব খোজা হৈছে অসমত। এক সাম্প্ৰদায়িক, ধৰ্মীয় আৰু ফেচিবাদী ইতিহাস তৈয়াৰ কৰিব বিচৰা হৈছে। অশিক্ষিতি মানুহৰ দৰে কথা কবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে।