অসমত মানুহে গছ ৰুব নালাগে, চৌপাশে থকা গছ-গছনি সুৰক্ষা দিলেই যথেষ্টঃ যাদৱ পায়েং
November 22, 2020নিউজ ডেস্ক। বন মহোৎসৱ পাতিলেই প্ৰকৃতি সংৰক্ষণ নহয়।
চৰকাৰে বন মহোৎসৱৰ নামত কোটি কোটি টকা অপচয় কৰিছে।
এই মন্তব্য অৰণ্য মানৱখ্যাত যাদৱ পায়েঙৰ।
জামুগুৰীহাটৰ প্ৰকৃতিপ্ৰেমী সংগঠন জাগৰণ য়ুথ ক্লাবে আয়োজন কৰা এক বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জামুগুৰীহাটলৈ অহা প্ৰকৃতিপ্ৰেমী গৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
অসমত মানুহে গছ ৰুব নালাগে তাৰ সলনি আমাৰ চৌপাশে থকা গছ-গছনি কোনেও ধ্বংস কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দিয়াটোৱেই যথেষ্ট বুলি তেওঁ মন্তব্য কৰে।
বৰ্তমান গঁড় হত্যা পূৰ্বৰ তুলনাত হ্ৰাস পোৱাটো অসমবাসীৰ বাবে শুভ লক্ষণ বুলিও তেওঁ মন্তব্য কৰে।
পদ্মশ্ৰী বঁটাপ্ৰাপকগৰাকীয়ে লগতে এই বুলিও উল্লেখ কৰে যে অহা ১০০ বছৰৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জলসংকটে দখা দিব।
এতিয়া বানপানীত মানুহ মৰিছে যদিও এশ বছৰৰ পাছত পানীৰ অভাৱত ইয়াত মানুহ মৰিব।
ইয়াৰ পৰা যদি পৰিত্ৰাণ পাব লাগে তেন্তে ভাৰসাম্য ৰক্ষাৰ বাবে আমি গছ ৰুবই লাগিব।